ক’ভিড প্রট’ক’ল মানি আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন !

ক’ভিড প্রট’ক’ল মানি আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন !

August 31, 2020 0 By NEWS DESK

আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন।

ক’ভিড প্রট’ক’ল মানি অনুষ্ঠিত হ’ব এইবাৰ অসম বিধানসভাৰ অধিৱেশন।

 মাস্ক অপৰিহাৰ্য এইবাৰৰ অধিৱেশনত।

৫০ শতাংশ মন্ত্ৰী-বিধায়কৰ উপস্থিতিৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন।

বিষয়াৰ গেলেৰীত ২০খন আসনত বিষয়া বহিব পাৰিব।

সাংবাদিকৰ গেলেৰীত ৩০ খনতহে সাংবাদিক আসন গ্ৰহণ কৰিব পাৰিব।

লগতে এইবাৰ ছাত্র-ছাত্রী আৰু দৰ্শনাৰ্থীৰ বাবে সদনত প্ৰৱেশ নিষিদ্ধ।

চাৰিদিন ধৰি অনুষ্ঠিত হব লগা এই অধিৱেশনত মুঠ ১১ খন বিধেয়ক উত্থাপন হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ পৰা বিভাগসমূহৰ ব্যয়ৰ বাবে পুঁজি বিচাৰি পৰিপূৰক দাবী মঞ্জুৰী বিচাৰিব ৰাজ্য চৰকাৰে।