Site icon NEWS8 NE

ক’ভিড-১৯ত আক্ৰান্ত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

কোৰোনাত আক্ৰান্ত হৈছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। শুকুৰবাৰে কৰা কোভিড পৰীক্ষাত আৰক্ষী অধীক্ষক গৰাকী কোভিড পজিটিভ ধৰা পৰে।

উল্লেখ্য যে, নৱবৰ্ষৰ আৰম্ভণিতে দুলিয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লৈছিল আনন্দ মিশ্ৰইও। সেই সন্মিলনত অংশ লোৱা কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক কোভিডত আক্ৰান্ত হয় যদিও সেই সময়ত কোভিড ৰিজাল্ট নিগেটিভ আহে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ।

কিন্তু শুকুৰবাৰে পুনৰ তেওঁৰ কোভিড পৰীক্ষা কৰাত এইবাৰ ৰিজাল্ট পজিটিভ ধৰা পৰে।

ইফালে আনন্দ মিশ্ৰৰ উপৰিও নগাঁও জিলাৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাও কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা কোভিডত আক্ৰান্ত হৈছিল যদিও শুকুৰবাৰে তেওঁৰ কোভিড মুক্ত হৈছে।

উল্লেখ্য যে, ড্ৰাগছ, গাঞ্জা আদি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সবল নেতৃত্বৰে অভিযান চলাই আহিছে আইপিএছ আনন্দ মিশ্ৰই।

নগাঁৱত যোগদান কৰাৰ পিছৰে পৰা অপৰাধীৰ বাবে এটা আতংকৰ নাম হৈ পৰিছে এইগৰাকী আৰক্ষী অধীক্ষক। জিলাখনত সংঘটিত বিভিন্ন অপৰাধৰ ঘটনা প্ৰতিহত কৰিবলৈ আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

Exit mobile version