ক’ভিড-১৯ত আক্ৰান্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা

ক’ভিড-১৯ত আক্ৰান্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা

May 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা।

শুকুৰবাৰে তেওঁ ক’ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে।

শুকুৰবাৰে নিশা ১੦.੦৯ মিনিটত টুইট কৰি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰিছে।

তেওঁ লগতে শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শত অহা প্ৰতিজনকে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰােধ জনাইছে।

এই খবৰ লাভ কৰি বৰাৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ আত্মীয়, দলীয় নেতা-কৰ্মীৰ লগতে শুভাকাংক্ষীসকল।

ৰিপুন বৰা (ফাইল ফটাে)

বিভিন্ন জনে সামাজিক মাধ্যমৰ জৰিয়তেও বৰাৰ আশু আৰােগ্যৰ কামনাৰ বাবে বিভিন্ন বাৰ্তা প্ৰকাশ কৰিছে।

উল্লেখ্য যে এদিন পূৰ্বে অসমৰ অন্য এগৰাকী ৰাজ্যসভা সাংসদ তথা বিজেপি নেতা ভুৱনেশ্বৰ কলিতাও ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল।

লগতে চাওকঃ

৪.৪২% লৈ নামিল সংক্ৰমণৰ হাৰ, হ্ৰাস পােৱা নাই দৈনিক মৃত্যুৰ পৰিসংখ্যা