ক’ভিড-১৯ত আক্ৰান্ত হৈ চেন্নাইত মৃত্যু অসমৰ ব্যৱসায়ীৰ

ক’ভিড-১৯ত আক্ৰান্ত হৈ চেন্নাইত মৃত্যু অসমৰ ব্যৱসায়ীৰ

September 15, 2020 0 By NEWS DESK

চিকিৎসাৰ বাবে চেন্নাইলৈ গৈ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটিল তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ।

খুকন সৰকাৰ নামৰ তেজপুৰৰ নপাম নিবাসী ব্যৱসায়ীজন বৃক্ক আৰু লিভাৰৰ চিকিৎসাৰ বাবে ৯ দিন পূৰ্বে চেন্নাইৰ গ্ল’বেল হস্পিতাললৈ গৈছিল।

কিন্তু দুৰ্ভাগ্যক্ৰমে চিকিৎসাধীন অৱস্থাত ক’ভিড-১৯ত আক্ৰান্ত হয় খুকন সৰকাৰ।

পুৱতি নিশা ৩ বজাত পৰলোক প্ৰাপ্তি ঘটে ব্যৱসায়ী গৰাকীৰ।

উল্লেখ্য যে চাৰিদিন পূৰ্বে তেওঁৰ শৰীৰত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰে।

চেন্নাইতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

পৰিশ্ৰমৰ বলত প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ীজনে পত্নীসহ দুই পুত্ৰক ইহসংসাৰত এৰি যায়।