ক’ভিড-১৯ত প্ৰাণ গ’ল কন্যাকুমাৰীৰ কংগ্ৰেছ সাংসদৰ

ক’ভিড-১৯ত প্ৰাণ গ’ল কন্যাকুমাৰীৰ কংগ্ৰেছ সাংসদৰ

August 29, 2020 0 By NEWS DESK

ভাৰতত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ৰ সংক্ৰমণ।

এই ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশৰ বহু জনপ্ৰতিনিধিয়েও প্ৰাণ হেৰুৱাইছে।

ক’ভিড-১৯ত আক্ৰান্ত হৈ তামিলনাডু ৰাজ্যিক কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা কন্যাকুমাৰীৰ সাংসদ এইচ বসন্ত কুমাৰৰ মৃত্যু ঘটিছে।

সাংসদ এইচ বসন্ত কুমাৰ

৭০ বছৰীয়া কংগ্ৰেছ সাংসদ বসন্ত কুমাৰৰ চেন্নাই এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

কন্যাকুমাৰী জিলাৰ আগাথিচৰমত ১৯৫০ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা বসন্ত কুমাৰে তামিলনাডু বিধানসভালৈ ২০০৬ চনত প্ৰথমবাৰৰ বাবে নাংগুনেৰীৰ পৰা নিৰ্বাচিত হৈছিল।

ফাইল ফটাে

২০১৯ চনত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী পন ৰাধাকৃষ্ণনক পৰাজিত কৰি প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।