ক’ভিড-১৯ত প্ৰাণ গ’ল ৰাজ্যৰ আন এজন ক’ভিড যােদ্ধাৰ

ক’ভিড-১৯ত প্ৰাণ গ’ল ৰাজ্যৰ আন এজন ক’ভিড যােদ্ধাৰ

August 30, 2020 0 By NEWS DESK

ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতিৰােধৰ বাবে অহৰ্নিশে কাম কৰা আন এজন ক’ভিড যােদ্ধাই প্ৰাণ হেৰুৱালে।

ৰাজ্যৰ অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া যুগল পাঞাঙ (৫৯)ৰ শনিবাৰে মৃত্যু ঘটে ক’ভিড-১৯ৰ সংক্ৰমণত।

পাঞাঙ চিলাপথাৰ অঁকাজনস্থিত অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ আস্থানত কৰ্মৰত আছিল।

শনিবাৰে পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিস্বাস ত্যাগ কৰে।

অলপতে অতিমাৰী ক’ৰােনাত আক্ৰান্ত হৈ হােম আইচ’লেশ্যনত থকা বিষয়াজনক স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰােৱা হৈছিল।

ক’ভিড যােদ্ধালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যিক অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া-কৰ্মচাৰীসকলে।

মহানগৰীৰ লাখটকীয়াস্থিত বাহিনীটােৰ মুখ্য কাৰ্যালয়ত পাঞাঙৰ প্ৰতি সন্মান জনাই এখন শ্ৰদ্ধাঞ্জলি সভাৰ অনুষ্ঠিত কৰা হয়।

বাহিনীৰ সঞ্চালক ৱাই কে গৌতমে প্ৰয়াত বিষয়াজনৰ প্ৰতিচ্ছবিৰ সন্মুখত ফুলৰ তােৰাৰে শ্ৰদ্ধা জনায়।

উল্লেখ্য যে ১৯৮৩ চনত অগ্নিনিৰ্বাপক বাহিনীত ফায়াৰমেন হিচাপে যােগদান কৰা পাঞাঙে সাহসিকতাপূৰ্ণ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক পাবলৈ সক্ষম হৈছিল।