ক’ভিড-১৯ৰ বাবে ঐতিহ্যমণ্ডিত দেৱালয়ত ভংগ হ’ব ম’হ বলিৰ পৰম্পৰা!

ক’ভিড-১৯ৰ বাবে ঐতিহ্যমণ্ডিত দেৱালয়ত ভংগ হ’ব ম’হ বলিৰ পৰম্পৰা!

September 15, 2020 0 By NEWS DESK

ক’ভিড-১৯ ভাইৰাছৰ শৃংগমুখী সংক্ৰমণে ভয়াৰ্ত কৰি তুলিছে জনসাধাৰণক।

মানুহৰ বাবে অতি বিপজ্জনক ভাইৰাছৰ বাবেই সলনি হৈছে বহু নিয়ম-নীতি।

ক’ৰােনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ দেশজুৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব দুৰ্গা পূজা।

ইপিনে, নলবাৰী জিলাৰ বেলশৰৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ে এইবাৰ প্ৰথম বাৰৰ বাবে ম’হ বলি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

দেৱালয় পৰিচালনা সমিতিয়ে ক’ভিড বিধি অনুসৰি এইবাৰ জাকজমকতা অবিহনে সীমিত ভক্তৰ উপস্থিতিত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

আন ভক্তসকলে মানস কৰা ম’হ বা আন বলি বন্ধ কৰা হৈছে যদিও দেৱালয়খনত নিজাববীয়াকৈ ম’হ বলি দিয়া হ’ব।

উল্লেখ্য যে ৰাজ্যখনত দুৰ্গা পূজা উপলেক্ষ সৰ্বাধিক ম’হ বলি বিল্বেশ্বৰ দেৱালয়খনতে দিয়া হয় তথা প্ৰতি বছৰে ইয়াৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পােৱা পৰিলক্ষিত হৈছে।