ক’ভিড-১৯ ৰোগীক সেৱা আগবঢ়াই মৃত্যু বিশিষ্ট চিকিৎসকৰ

ক’ভিড-১৯ ৰোগীক সেৱা আগবঢ়াই মৃত্যু বিশিষ্ট চিকিৎসকৰ

September 5, 2020 0 By NEWS DESK

পুনৰ মৃত্যু ঘটিল এজন ক’ভিড যােদ্ধাৰ।

ক’ভিড-১৯ত সংক্ৰমিত ৰােগীক চিকিৎসা প্ৰদান কৰা ৰাজ্যৰ আন এজন চিকিৎসকৰ প্ৰাণ ল’লে ক’ৰােনাই।

ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক তথা লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ (৬৫) শুকুৰবাৰে কৰ্তব্যৰত অৱস্থাতে মৃত্যু ঘটে।

ডাঃ অপূৰ্ব ৰাজকােঁৱৰ

জানিব পৰা মতে, কৰ্তব্যৰত অৱস্থাতে ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে মহামাৰী ক’ভিডত আক্ৰান্ত হৈছিল বিশিষ্ট চিকিৎসক ডাঃ অপূৰ্ব ৰাজকোঁৱৰ।

উল্লেখ্য যে যোৱা কেইবাদিনৰে পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল ডাঃ ৰাজকোঁৱৰ।

দুলীয়াজানৰ ভাদৈ পাঁচআলি ৰূপহী গাঁৱৰ নিবাসী তথা বৰ্তমান কৰ্মসূত্ৰে মিলন নগৰৰ জীৱন ফুকন নগৰত পৰিয়ালৰ সৈতে বাস কৰিছিল।

লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰৰো তত্বাবধায়কৰ দায়িত্বত আছিল ডাঃ ৰাজকোঁৱৰ।

ইফালে ক’ভিড যোদ্ধা ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।

ভাদৈ পাঁচআলিৰ চিকিৎসকজনৰ বাসগৃহত সম্পন্ন হোৱা অন্তিম সৎকাৰ অনুষ্ঠানত উপায়ুক্ত ঝা উপস্থিত থাকে।

তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ প্ৰয়াত চিকিৎসকজনক অন্তিম শ্ৰদ্ধাঞ্জলি জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।