NEWS8 NE

ক’ভিড ৰোগীৰ বাবে মাতৃয়ে ৰান্ধি দিয়া আহাৰৰ পেকেটত কণমানি পুত্ৰই লিখি দিছে এক বিশেষ বাৰ্তা!

নিউজ ডেস্ক। দেশত অব্যাহত আছে কোৰোনাৰ কাল ৰূপ। তেনে সময়তো বহুতো হৃদয়বান লোকে আগবাঢ়ি আহিছে ৰোগীক সহায়ৰ উদ্দেশ্যে।

বহু ঠাইত নিজৰ সাধ্য অনুসৰি বহুতো লোকে ৰোগীক প্ৰদান কৰিছে সাহাৰ্য।

ঠিক তেনেদৰে পাঞ্জাৱৰ জলন্ধৰৰ এগৰাকী মহিলাই নিজ হাতেৰে ৰান্ধি আহাৰ যোগান ধৰিছে কোৰোনা আক্ৰান্ত কিছু লোকক।

মাতৃয়ে যোগান ধৰা সেই আহাৰৰ পেকেটৰ ওপৰত শিশু পুত্ৰই ৰোগী সকললৈ লিখি পঠাইছে জীয়াই থকাৰ মন্ত্ৰ আৰু সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে সেই শিশুটিৰ কাৰ্য।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটি দৃশ্যত দেখা গৈছে যে, এলুমিনিয়ামৰ ফইল পেপাৰৰ পেকেটত ৰোগীৰ বাবে আহাৰ ৰাখিছে মহিলা গৰাকীয়ে।

সেই পেকেট সমূহৰ ওপৰত শিশুটিয়ে লিখি দিছে ‘সুখেৰে থাকক’।

কোৰোনাৰ সময়ত যেনেদৰে চাৰিওদিশে শুনা গৈছে মৃত্যু আৰু বিষাদৰ সুৰ, তেনে সময়তে এই শিশুটিৰ কাৰ্যই যেন সকলোকে দিছে এক মধুৰ বাৰ্তা।

সামাজিক মাধ্যমত স্বাভাৱিকতেই এই দৃশ্য সন্দৰ্ভত ব্যৱহাৰকাৰী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টুইটাৰত এই দৃশ্য ভাইৰেল তথা ট্ৰেণ্ডিং হৈ পৰিছে।

আহাৰৰ পেকেট সমূহত স্কুলত পঢ়ি থকা শিশুটিয়ে হিন্দীত লিখি দিছে- ‘খুচ ৰহীয়ে’। লগতে আঁকি দিছে একোটা ইমোজীয়ো। যেন সকলোকে হাঁহিবলৈ শিকাইছে শিশুটিয়ে আৰু শিশুটিৰ সেই কাৰ্যই যেন ৰোগীৰ প্ৰাণশক্তি সঞ্চাৰ কৰিছে।

উল্লেখ্য যে হাজাৰজনে শিশুটিৰ সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যাৰ ফলত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে সেই দৃশ্য।

লগতে চাওকঃ

নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে

Exit mobile version