কলকাতাৰ এখন পূজা মণ্ডপত অভিনেতা চনু সুদৰ মূৰ্তি সাজি দিয়া হ’ল ভগৱানৰ মৰ্যদা!

কলকাতাৰ এখন পূজা মণ্ডপত অভিনেতা চনু সুদৰ মূৰ্তি সাজি দিয়া হ’ল ভগৱানৰ মৰ্যদা!

October 22, 2020 0 By NEWS DESK

এগৰাকী মানৱ দৰদী অভিনেতা।

কৰ’ণা কালত আৰ্তজনক সহায় আগবঢ়াই বিশ্বব্যাপী প্ৰশংসা লাভ কৰিছিল অভিনেতা চনু সুদ।

বহুতেই মানৱ দৰদী অভিনেতাগৰাকীক ভগৱানৰ সৈতে তুলনা কৰি আহিছে।

তাৰেই যেন এক সুন্দৰ প্ৰতিফলন ঘটিল কলকাতাৰ এখন পূজা মণ্ডপত।

কলকাতাৰ এখন দুৰ্গা পূজা সংমিতিয়ে পূজা মণ্ডপত আন দেৱ-দেৱী সকলৰ লগতে চনু সুদৰো এটা মূৰ্তি স্থাপন কৰিছে।

সমিতিখনে পূজাৰ বেদীত অভিনেতাজনৰ মূৰ্তি স্থাপন কৰি দৰাচলতে তেওঁক ঈশ্বৰৰ  মৰ্যদা প্ৰদান কৰিছে অভিনেতাগৰাকীক।

সমিতিখনৰ এজন সদস্যই মানুহে তেওঁৰ অনুপ্ৰেৰণাৰে দৰিদ্ৰ সকলক যাতে সহায় কৰিব পাৰে তাৰ বাবেই তেওঁক মূৰ্তি সাজি ভগৱানৰ মৰ্যদা দিয়া হৈছে বুলি জানিবলৈ দিছে।

চনু সুদে টুইটাৰ যোগে পূজা মণ্ডপত তেওঁৰ মূৰ্তি সজাৰ খবৰ পায় তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি উল্লেখ কৰিছে।