কলাবেজ পৰিধান কৰি শিক্ষক দিৱস পালন কৰিব ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে !

কলাবেজ পৰিধান কৰি শিক্ষক দিৱস পালন কৰিব ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে !

September 5, 2020 0 By NEWS DESK

কলাবেজ পৰিধান কৰি শিক্ষক দিৱস পালন কৰিব ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে।

বিগত ২০১২ চনৰ মার্চ মাহৰ পৰা বৰ্তমানেও ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ বেতন বঞ্চিত শিক্ষকে এইবাৰো অতি দুখেৰে পালন কৰিব শিক্ষক দিৱস।

চলিত বর্ষৰ প্ৰথম অৱস্থাত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা আয়োজন কৰা এখন সংবাদমেলত যোৱা ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ হ’ব বুলি ঘোষণা কৰিছিল যদিও সেইয়া আজিকো পতি হৈ নুঠিল।

ইয়াৰোপৰি বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিগত বিধানসভা নির্বাচনৰ পূর্বে শিৱসাগৰ জিলাৰ কেইবাখনো নিৰ্বাচনী সভাত বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু আজি চাৰিটা বছৰ অতিক্রম কৰাৰ পাছতো সমস্যা সমাধাননহ’ল বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে ব্যক্ত কৰে।

শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মা তথা অসম চৰকাৰে শিক্ষক সমাজক ৰাজনৈতিক গিণিপিগ সজাই চাকৰি নিয়মীয়াকৰণৰ নামত বাৰম্বাৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি শিক্ষকৰ জীৱনক লৈ হেতালি খেলাৰ নৈতিক অধিকাৰ নাই বুলি সজোৰে দাবী উত্থাপন কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে।

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে শিক্ষক সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মনৰ দুখ, বেদনা আৰু ক্ষোভ প্ৰকাশ কৰাৰ উপৰিও শনিবাৰে পবিত্ৰ শিক্ষক দিৱসৰ দিনটো কলাবেজ পৰিধান কৰি পালন কৰিব বুলি জানিবলৈ দিছে।

আগন্তুক নির্বাচনৰ সময়ত চমক সৃষ্টি কৰি ভোট লাভৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিব পাৰে, অথচ চৰকাৰে শিক্ষক সকলক নিজে নিযুক্তি দি তেওঁলোকৰ কামত ব্যৱহাৰ কৰাই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা কার্য অসাংবিধানিক আৰু কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি অভিযোগ কৰিছে শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে।