কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে সংসদত প্ৰতিবাদ অসমৰ সাংসদৰ

কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে সংসদত প্ৰতিবাদ অসমৰ সাংসদৰ

September 16, 2020 0 By NEWS DESK

নগাঁও আৰু কাছাৰ কাগত কল দুটাৰ প্ৰসংগত মংগলবাৰে ৰাজ্যসভাত সৰৱ হৈ পৰিছিল কংগ্ৰেছ সাংসদ ৰিপুণ বৰা।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনা অসমৰ কাগজ কল দুটাৰ প্ৰসংগ উত্থাপন কৰাৰ পাছত তৃতীয় দিনা সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদত নামি পৰে কংগ্ৰেছ তথা এ আই ইউ ডি এফৰ সাংসদসকল।

হাতত প্লে’কাৰ্ড লৈ অসমৰ মৃতপায় কাগজ কল দুখন পুনৰুজ্জীৱিত কৰিবলৈ দাবী জনায় অসমৰ এই সাংসদসকলে।

ৰিপুণ বৰাৰ উপৰি গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰাণী নৰহ তথা অজিত কুমাৰ ভূঞাও এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে।

ৰাজ্যসভাত কাগজ কলৰ প্ৰসংগ উত্থাপন কৰাৰ সময়ত ৰিপুণ বৰাই প্ৰকাশ কৰা মন্তব্যৰ ভিডিঅ’