কাজিৰঙাত পুনৰ গঁড়ৰ মৃত্যু, উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ

কাজিৰঙাত পুনৰ গঁড়ৰ মৃত্যু, উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ

August 27, 2020 0 By NEWS DESK

কাজিৰঙাত পুনৰ সংঘটিত হ’ল গঁড়ৰ মৃত্যু ঘটনা ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ গাতে লাগি থকা পথাৰত উদ্ধাৰ এজনী মাইকী গঁড়ৰ মৃতদেহ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা কহঁৰা বনাঞ্চলৰ নিকটৱৰ্তী মহপৰা দগাঁৱৰ পথাৰত বিচৰণ কৰি আছিল গঁড় জনী ৷

স্থানীয় লোকে পুৱা গঁড় জনী দেখা পাই বন বিভাগক খবৰ দিয়ে ৷

বন বিভাগৰ লোক উপস্থিত হৈ গঁড় জনীক পহৰা দিয়াৰো ব্যৱস্থা কৰে ৷

জানিব পৰা মতে, দুপৰীয়া ভাগত গঁড় জনী হঠাতে ঢলি পৰে আৰু আৰু অলপ পাছতে গঁড় জনীৰ মৃত্যু হয় ৷

উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড় জনীৰ বাৰ্ধক্য জনীত কাৰণত মৃত্যু মুখত পৰে ৷

ইতিমধ্যে খৰ্গটো নিজ জিম্মালৈ নিছে বন বিভাগৰ কৰ্মীয়ে ৷