কাজিৰঙাৰ ইতিহাসত প্ৰথমটো ঘটনা ! বনৰীয়া গাহৰীৰ আক্ৰমণত ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু…

কাজিৰঙাৰ ইতিহাসত প্ৰথমটো ঘটনা ! বনৰীয়া গাহৰীৰ আক্ৰমণত ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু…

September 5, 2020 0 By NEWS DESK

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ টেটেলিগুৰি বন শিবিৰ এলেকাত পাৰস্পৰিক যুজঁত মৃত্যু এটা ঢেঁকীয়াপতিয়া বাঘ আৰু এটা গাহৰিৰ।

প্ৰায় দহ দিন পূৰ্বে এটা মতা বনৰীয়া গাহৰিৰ লগত হোৱা যুঁজৰ ফলত মতা বাঘটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।

কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা এইটো প্ৰথম ঘটনা।

পূৰ্বতে পবিতৰা, ওৰাং আদিত এনে ঘটনা দেখিবলৈ পোৱা গৈছে যদিও কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা ঘটনা এইটোৱে প্ৰথম।

index.jpga

প্ৰায় দহ দিন পূৰ্বে মৃত্যু হোৱা বাঘ আৰু গাহৰিৰ উৱঁলি যোৱা মৃত দেহ দুটা আজি উদ্ধাৰ কৰে টেটেলিগুৰিৰ বন শিবিৰৰ বন কৰ্মীয়ে।

মৰণোত্তৰ পৰীক্ষাত আন্তঃপ্ৰজাতিৰ যুঁজত বাঘটোৰ লগতে গাহৰিটোৰো মৃত্যু হোৱা বুলি প্ৰকাশ৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পট’কল মতে ঘটনাস্থলীতে মৃত বাঘটোৰ মৃতদেহ সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু বন বিষয়াৰ উপস্থিতিত জ্বলাই দিয়া হয়৷