Site icon NEWS8 NE

কাবুল বিমানবন্দৰত অঘটন, উৰন্ত বিমানৰ পৰা পৰি নিহত দুজন

নিউজ ডেস্ক। সমগ্ৰ আফগানিস্তান বৰ্তমান তালিবানৰ কব্জাত। ৰাষ্ট্ৰপতি আশ্ৰাফ গণি বৰ্তমান সন্ধানহীন।

ঠিক দুই দশক পূৰ্বৰ অনুৰূপ পৰিৱেশ ঘূৰি আহিছে আফগানিস্তানলৈ। দেশ এৰি আন নিৰাপদ ঠাইলৈ যাবলৈ দেওবাৰে বিয়লি হাজাৰ হাজাৰ আফগান বাসিন্দাই ভিৰ কৰিছেহি কাবুল বিমানবন্দৰত।

কলৈ যাব, কেনেকৈ যাব একোৱেই নাজানে তেওঁলোকে। কিন্তু তেওঁলোকৰ উদ্দেশ্য মাত্ৰ নিৰাপদ ঠাইলৈ যোৱা। সোমবাৰে কাবুল বিমানবন্দৰত মাৰ্কিন সেনাই গুলীচালনা কৰে বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে সোমবাৰে ৫ জন আফগান নাগৰিকৰ মৃত্যু হয় কাবুল বিমানবন্দৰত।

খবৰ অনুসৰি, বিমানবন্দৰত প্ৰবল গুলীচালনা হয়। গুলীৰ শব্দ শুনি সকলোৱে দৌৰা দৌৰি কৰি পলাবলৈ চেষ্টা কৰে। বহুতে বিমানত উঠাৰ চেষ্টা কৰে। সেই সময়তে ৫ জন লোকৰ মৃত্যু হয়।

ইয়াৰোপৰি দুজন লোকে বিমানত উঠিব নোৱাৰি বিমানৰ চকাতে ওলমি যায়। কিন্তু আকাশত ভাৰসাম্য হেৰুৱাই দুয়োজনে উৰন্ত বিমানৰ পৰা তললৈ পৰি যায়। যাৰ ফলত দুয়োজন থিতাতে নিহত হয়।

উল্লেখ্য যে, বিমানবন্দৰত এই বিশৃংখলতা সমাপ্ত কৰিবলৈ কাবুলৰ বিমান প্ৰাধিকৰণে বিমান সেৱা বন্ধ কৰি দিছে। অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত বিমান উৰণ বা অৱতৰণ বন্ধ কৰি দিছে। ফলত কোনো বিমান কাবুল বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰিব।

এয়াৰ ইণ্ডিয়াৰ এখন বিমান সোমবাৰে দুপৰীয়া কাবুল যোৱাৰ কথা আছিল যদিও ‘নটিছ টু এয়াৰমেন’ জাৰি কৰাৰ ফলত বন্ধ হৈ পৰে যাত্ৰা। বহুতো বিমানে মাজ বাটৰ পৰাই উভটনি যাত্ৰা কৰে।

বিভিন্ন দেশলৈ বিমান যাওঁতে কাবুল বিমানবন্দৰত অৱতৰণ কৰিব লগীয়া হয় বাবে এতিয়া সমস্যাত পৰিছে বিভিন্ন বিমান সেৱাৰ খণ্ড।

Exit mobile version