কােনাে কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ! হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ

কােনাে কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ! হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ

October 15, 2020 0 By NEWS DESK

গুৱাহাটী। ৰাজ্যৰ মাদ্ৰাছাসমূহ কোনো কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে মাদ্ৰাছা শিক্ষক সন্থা, অসমে।

ৰাজ্যৰ চৰকাৰী খণ্ডৰ মাদ্ৰাছাসমূহ বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক সম্পূৰ্ণ আত্মঘাতী আৰু অসাংবিধানিক আখ্যা দিছে সংগঠনটোৱে।

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক আছাদুল ইছলামে কয় যে মাদ্ৰাছা বন্ধৰ দৰে সিদ্ধান্ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি নিৰ্বাচিত হোৱা চৰকাৰৰ কৰ্মসংস্কৃতি নহয়।

মাদ্ৰাছা বন্ধৰ সিদ্ধান্তৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি সাধাৰণ সম্পাদক ইছলামে কয়, কংগ্ৰেছ দলত থকা দিনৰেপৰাই হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাসমূহৰ প্ৰতি এটা বেয়া মনোভাব আছিল।

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতো শিক্ষামন্ত্ৰী ড০ শৰ্মাই বহুসংখ্য মাদ্ৰাছাৰ অনুমতি আৰু স্বীকৃতি বাতিল কৰিছিল।

ভাৰত বৰ্ষৰ গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ দৰে ৰাজ্যত যদি চৰকাৰে মাদ্ৰাছা চলাব পাৰে, অসমৰ বিজেপি চৰকাৰে কি কাৰণত নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে সন্থাটেৰ সাধাৰণ সম্পাদক ছহিদুল ইছলামে।

অসমত মাদ্ৰাছা বন্ধ কৰাৰ আঁৰত অকল ধৰ্মীয় শিক্ষা নে আন কিবা গোপন এজেণ্ডা আছে বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে ইচলামে।

তেওঁ কয়, মাদ্ৰাছাবোৰ বন্ধ কৰাৰ পিছত তাত কৰ্মৰত শিক্ষক, কৰ্মচাৰী আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হ’ব সেয়াও স্পষ্টকৈ চৰকাৰে প্ৰকাশ কৰা নাই।