NEWS8 NE

‘কাৰণ মোৰ চকু সৰু…’ নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে ক’লে চকু সৰু হােৱাৰ লাভ কি? সামাজিক মাধ্যমত হৈ পৰিল চৰ্চিত…

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে চৰ্চিত হৈ পৰিছে প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী।

এই মন্ত্ৰীগৰাকী হৈছে নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা অলােং।

দৰাচলতে মন্ত্ৰীগৰাকীয়ে এখন দলীয় সভাত ভাষণ প্ৰসংগত ‘সৰু চকু’ থকাৰ লাভালাভৰ বিষয়ে কৌতুক কৰে।

ইনমাই কয় যে মানুহে প্ৰায়ে কয় যে উত্তৰ-পূবৰ লোকসকলৰ চকু সৰু। এই সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ চকু সৰু, কিন্তু দৃষ্টি শক্তি অতি তীক্ষ্ণ।

তাৰ পিছত তেওঁ সৰু চকু হোৱাৰ সুবিধা সন্দৰ্ভত কৌতুক কৰি কয়, “যিহেতু মোৰ চকু সৰু, মোৰ চকুত কম লেতেৰা প্ৰৱেশ কৰে। লগতে, কিছু দীঘলীয়া কাৰ্যসূচী চলি থাকিলে মই মঞ্চত থাকোঁতে সহজে শুব পাৰো।”

ভিডিঅ’টো শ্বেয়াৰ কৰি কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে মিঃ ইনমাৰ বুদ্ধিক প্ৰশংসা কৰিছে।

বৰ্ণবাদৰ দৰে এটা সংবেদনশীল বিষয় তেওঁ হাস্যৰসৰ জৰিয়তে সাবলিল ভাবে উত্থাপন কৰাৰ কৌশলক সকলোৱে প্ৰসংশা ‌কৰিছে।

ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰে।

মন্ত্ৰীজনে নিজেই ভিডিঅ’টো ৰিটুইট কৰিছিল আৰু উত্তৰ-পূবৰ মাত জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে ব্যৱহাৰকাৰীজনক ধন্যবাদ জ্ঞাপন কৰে।

লগতে চাওকঃ

মুখ্যমন্ত্ৰীৰ বিশেষ টুইটৰ পিছতে মুকলি আকাশৰ তললৈ ‘মহাদেৱ’ বিৰিঞ্চি বৰা…

Exit mobile version