NEWS8 NE

কাৰাবন্দী বৰ্ষাশ্ৰীলৈ সকাহ সত্ৰ ন্যায়ালয়ৰ! পৰীক্ষাক লৈ দিলে এই নিৰ্দেশনা…

নিউজ ডেস্ক। কবিতা লিখাৰ বাবেই ৰাষ্ট্ৰদ্ৰােহৰ গােচৰত প্ৰায় দুমাহ ধৰি কাৰাবন্দী টীয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগােঁহাই।

শেহতীয়াকৈ বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে সামাজিক মাধ্যম উত্তাল হৈ থকাৰ মাজতে ছাত্ৰীগৰাকীলৈ সামান্য সকাহ প্ৰদান কৰিছে গােলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে।

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰিছে আদালতে।

কাৰাবন্দী অৱস্থাতে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে।

উল্লেখ্য যে স্নাতক ২য় ষাণ্মাসিকৰ পৰীক্ষাত বহিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। নিৰাপত্তাৰক্ষীৰ উপস্থিতিত বৰ্ষাশ্ৰী বহিব লাগিব পৰীক্ষাত।

উল্লেখ্য যে, মে’ৰ ১৮ তাৰিখে উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে ইউএপিএৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক।

সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষত এটা পোষ্টৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে চাওকঃ

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

Exit mobile version