‘কা’ আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল, BJPৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থীঃ যতীন বৰা

‘কা’ আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল, BJPৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থীঃ যতীন বৰা

August 18, 2020 0 By NEWS DESK

পুনৰ বিজেপিলৈ আগমন ঘটিল জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি পুনৰ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিলে অভিনেতা যতীন বৰাই।

সংবাদমেলত বিজেপিৰ সকলো কমিটীৰ ওচৰত ক্ষমা বিচাৰিলে যতীন বৰাই।

যতীন বৰাই কয়- Caaৰ আন্দোলনত ভাগ লোৱাটো মোৰ আৱেগিক সিদ্ধান্ত আছিল। যাৰ বাবে মই বিজেপিৰ ওচৰত ক্ষমা বিচাৰিছো ।

লগতে যতীন বৰাই কয়- ‘আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হ’ল। একাংশই এতিয়া ৰাজনৈতিক দল গঠন কৰিব। আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু আই এম ডি টি এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম লোৱা AIUDFএ এতিয়া অসমীয়াৰ জাতীয়তাবাদৰ পক্ষ লৈছে।’

‘কা’ আন্দোলন সন্দৰ্ভত যতীন বৰাই পুনৰ কয়-‘নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলনৰ পৰিৱেশ আছিল সুকীয়া।‘কা’ আন্দোলনে সজাই পৰাই তোলা গুৱাহাটীখন বিধ্বস্ত কৰিলে। গুৱাহাটীত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। অসম আন্দোলনৰ সময়তো এনে পৰিৱেশ দেখা নাছিলো।’

যতীন বৰাই লগতে কয়- ‘ৰাজনীতিক লৈ মোৰ কোনো আকাংক্ষা নাই। মই বিজেপিলৈ অহাৰ কোনো ৰাজনৈতিক কাৰণ নাই। কেৱল শিল্পী সকলৰ হিতৰ বাবেহে আহিব বিচাৰো। ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত  মই ক্ষমাপ্ৰাৰ্থী। মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ কাষত ক্ষমাপ্ৰাৰ্থী।’ বিজেপিত মই এতিয়াও আছো, আগলৈও থাকিম।’