কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ কাহিনী আৰু পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ বাবেই বক্সিঙলৈ আহিলােঃ লাভলিনা বৰগােহাঁই

নিউজ ডেস্ক। লাভলিনা বৰগোহাঁই। আজিৰ দিনত দেশৰ বাবে ই এক পৰিচিত নাম। এতিয়া সকলোৰে আশা আৰু আকাংক্ষাৰ প্ৰতীক হৈ পৰিছে এই নাম। অৰ্থাৎ অসম জীয়ৰী তথা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে অৰ্জন কৰিছে আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা।

এক দৰিদ্ৰ তথা এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ আজি এনে স্থান পাবলৈ সক্ষম হৈছে লাভলিনাই। তেওঁ ১৯৯৭ চনৰ ২ অক্টোবৰত জন্ম হয় গোলাঘাট জিলাৰ বাৰমুখিয়া গাৱঁত।

অলপতে SAI অৰ্থাৎ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে লোৱা এক সাক্ষাৎকাৰত বক্সাৰ গৰাকীয়ে প্ৰকাশ কৰে নিজৰ এই যাত্ৰাৰ কথা। লগতে তেওঁ কয় নিজৰ সপোনৰ কথা।

তেওঁ শৈশৱকালৰ কথা সোঁৱৰি কয়- “আমাৰ ঘৰত তিনিজনী ছোৱালী আছিলো। বহুতে কয় ছোৱালীয়ে একো কৰিব নোৱাৰে। কিন্তু আমাৰ মায়ে আমাক শিকাইছিল যে ডাঙৰ হৈ আমি ভাল কিবা এটা কৰিব লাগিব।”

তেওঁ কেনেদৰে বক্সিংৰ প্ৰতি আকৰ্ষিত হৈছিল সেই সন্দৰ্ভত কয়- “দেউতাই প্ৰতি দেওবাৰে বজাৰৰ পৰা কাগজৰ টোপোলাত আমালৈ মিঠাই লৈ আনিছিল। এদিন মিঠাই বান্ধি অনা বাতৰি কাকত এখনত দেখিছিলো যে তাত মহম্মদ আলীৰ বিষয়ে লিখা আছিল। তেতিয়া মই দেউতাক মহম্মদ আলীৰ বিষয়ে সুধিছিলো। দেউতাই তেওঁ কোন মোক কৈছিল। মই তেওঁৰ বিষয়ে তেতিয়াই জানিছিলো। সেইদিনাই মই প্ৰথমবাৰৰ বাবে বক্সিংৰ বিষয়ে জানিছিলো।”

সেই তেতিয়াৰ পৰাই তেওঁ বক্সাৰ হোৱাৰ সপোন দেখিছিল। তেওঁ নৱম শ্ৰেণীত অধ্যয়ন কৰি থাকোতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে তেওঁৰ প্ৰতিভাক চিনিব পাৰিছিল। তেওঁ সেই সন্দৰ্ভত কয়- “আমাৰ তালৈ এবাৰ এজন প্ৰশিক্ষক গৈছিল। মোক গুৱাহাটীলৈ নিৰ্বাচিত কৰিলে তেওঁ। SAI এ মোক নিৰ্বাচিত কৰে।”

নিজৰ ক্ৰীড়া প্ৰতিযোগিতা তথা সেই যাত্ৰাৰ সন্দৰ্ভত তেওঁ কয়- “ভিয়েটনামত ২০১৭ ত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত মই প্ৰথমবাৰৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰো। ইণ্ডিয়া অপেনত মই সোণৰ মেডেল লাভ কৰিছিলো। সেই প্ৰদৰ্শন দেখি মোক কমনৱেলথ গেমছলৈ নিৰ্বাচিত কৰিছিল। কমনৱেলথ গেমছত যিমান ভাল প্ৰদৰ্শন কৰিব লাগিছিল মই সিমান নোৱাৰিলো। মানসিকভাৱে মই তেতিয়া ইমান শক্তিশালীয়ো নাছিলো। তাৰ পিছতেই ২০১৮ ত মই ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল লাভ কৰো। আৰু অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰো।”

অলিম্পিকত কৰিবলগীয়া নিজৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁ কয়- “ৰাষ্ট্ৰীয় মেডেলসমূহ সোণৰ মেডেল হলেও পিছলৈ সেইয়া সকলোৱে পাহৰি যায়। কিন্তু অলিম্পিকত সোণৰ মেডেল লাভ কৰিলে সেইয়া সদায় সকলোৰে মনত থাকে। কোনেও সেই কথা পাহৰিব নোৱাৰে। সেয়েহে মোৰ সম্পূৰ্ণ চেষ্টা থাকিব যে অলিম্পিকত মই সোণৰ মেডেল লাভ কৰিব পাৰো। ই এক ইমান ডাঙৰ প্ৰতিযোগিতা যে য’ত সকলো ফালৰ পৰাই সম্পূৰ্ণ হৈ যাব লাগিব। সেয়েহে মই ইনচাইড খেলিবলৈয়ো চেষ্টা কৰিছো। কিয়নো কেতিয়াবা ইনচাইড খেলুৱৈয়ো আহে। মোৰ প্ৰশিক্ষক সকলে মোক যথেষ্ট সহায় কৰিছে। তেওঁলোক বহুত ভাল। প্ৰতিটো কথাতে সহযোগ কৰে। ভাৰতৰ পৰা অলিম্পিকত বক্সিংত আজিলৈকে কোনোৱে সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি মই সেইয়া কৰিব পাৰো, সেইয়া বহুত ভাল কথা হব মোৰ পৰিয়াল আৰু মোৰ দেশৰ বাবে।”

Leave a Comment