কিছুমান ‘বুৰ্বক’ মানুহে মাস্ক নিপিন্ধাটাে বীৰত্ব বুলি ভাবেঃ ডিজিপি

কিছুমান ‘বুৰ্বক’ মানুহে মাস্ক নিপিন্ধাটাে বীৰত্ব বুলি ভাবেঃ ডিজিপি

September 15, 2020 0 By NEWS DESK

কিছুমান বুৰ্বক মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে বুলি ভাবে।

এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যােতি মহন্তৰ।

ফাইল ফটাে

নগাঁও জিলাৰ বঢ়মপুৰত অৱস্থিত নৱম অসম আৰক্ষী বাহিনীৰ সােণালী জয়ন্তী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে ডিজিপি মহন্তই।

ভাষণ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰতিবছৰে অসম আৰক্ষীৰ প্ৰতিগৰাকী লোককে এবাৰ এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে।

ক’ভিড-১৯ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে মাস্ক পিন্ধি ক’ভিড-১৯ ৰ পৰা ৰক্ষা পাব পাৰি।

কিন্তু আমাৰ কিছুমান বুৰ্বক মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে বুলি তেওঁ কটাক্ষ কৰে ।

আনহাতে, ক’ভিডৰ বাবে মাস্ক নিপিন্ধা লোকৰ ওপৰত ক্ষুব্ধ হৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মাস্ক নিপিন্ধা লোক সকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মন্তব্য কৰে।

মাস্ক নিপিন্ধা বা আৰক্ষী লোকৰ গাত হাত দিয়া সকলৰ ওপৰত আৰক্ষী কঠোৰ হৈ তেনে লোকক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ অসম আৰক্ষী প্ৰস্তুত বুলিও মন্তব্য কৰে।

উল্লেখ্য যে ১৯৭০ চনৰ ১৪ ছেপ্তেম্বৰৰ দিনা বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত জন্মলাভ কৰিছিল নৱম অসম আৰক্ষী বাহিনী।

পৰবৰ্তী সময়ত ১৯৯৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে শ্বহীদ ভূমি বঢ়মপুৰলৈ স্থানান্তৰিত হৈছিল।