NEWS8 NE

কিছু সময়ৰ বাবে আৰক্ষী বিষয়া হ’ল কলিয়াবৰৰ ৫ বছৰীয়া কণমানি মনদ্বীপ…

নিউজ ডেস্কঃ স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উদযাপনৰ বাবে সমগ্ৰ দেশজুৰি চলিছে প্ৰস্তুতি। ইয়াৰ মাজতে কলিয়াবৰত ক্ষন্তেক সময়ৰ বাবে আৰক্ষী বিষয়া হৈ পৰিল এটি ৫ বছৰীয়া কণমানি শিশু।

হাতত ৰাষ্ট্ৰীয় পতাকা লৈ আৰক্ষী বিষয়াৰ চকীত বহি কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিলে শিশুটিয়ে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে শিশুটিৰ এখন ফটোও।

দৰাচলতে ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা কলিয়াবৰৰ মনদ্বীপ শৰ্মা নামৰ কণমানি শিশুটিৰ মনৰ ইচ্ছা পূৰণ কৰি কিছুসময়ৰ বাবে আৰক্ষীৰ চকীত বহুৱায় কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই।

আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত বহি আনন্দত আত্মহাৰা হৈ পৰে প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটিয়ে। হাতত ৰাষ্ট্ৰীয় পতাকা লৈ শিশুটিয়ে যেন এনেদৰেই আদৰণি জনায় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসক।

ডাঙৰ হৈ এগৰাকী আইপিএছ বিষয়া হোৱাৰ মন মনদ্বীপৰ। এগৰাকী আৰক্ষী বিষয়া হৈ দেশ তথা অসমবাসীৰ হকে কাম কৰাৰ ইচ্ছা ব্যক্ত কৰা মনদ্বীপৰ সপোন পূৰণ হোৱাৰ কামনা জনাইছে সকলোৱে।

Exit mobile version