কিমান দিন লুকাই থাকিব? কেলেংকাৰীত জড়িতসকলে শাস্তি পাবইঃ মন্ত্ৰী পীযুষ

কিমান দিন লুকাই থাকিব? কেলেংকাৰীত জড়িতসকলে শাস্তি পাবইঃ মন্ত্ৰী পীযুষ

October 1, 2020 0 By NEWS DESK

হোজাইঃ ৰাজ্য কঁপােৱা যােৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত আজি হােজাইত সাংবাদিকৰ বহু প্ৰশ্নৰ উত্তৰ দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই।

এই কেলেংকাৰীৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে কৰা ঘােষণাৰ কথা দােহাৰে মন্ত্ৰী হাজৰিকাই।

পীযুষ হাজৰিকা (ফাইল ফটাে)

তেওঁ লগতে কয় যে অভিযুক্তসকলে কিমান দিন লুকাই থাকিব। তেওঁলােকক বিচাৰি বিচাৰি ধৰা হ’ব।

বিশেষকৈ অসম আৰক্ষীৰ প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দত্তৰ প্ৰসংগত তেওঁ কয় যে পি কে দত্ত কিমান দিন পলাই থাকিব, এদিন ধৰা পৰিবই।

অসম আৰক্ষীৰ জিম্মাত দ্বিৱন ডেকা

কিন্তু আৰক্ষীয়ে ধৰাৰ পূৰ্বে নিজেই আত্মসমপৰ্ণ কৰি সকলাে দােষ স্বীকাৰ কৰাটাে অধিক লাভজনক হ’ব বুলি তেওঁ মন্তব্য কৰে।

ইপিনে, দ্বিবন ডেকাক গ্ৰেপ্তাৰ প্ৰসংগত কোন দ্বিবন ডেকা বুলি ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে।

তেওঁ কয় যে ৰাজনৈতিক দলত কােটি কােটি মানুহ থাকে। প্ৰতিজনক চিনি পােৱাটাে সম্ভৱ নহয়, কােন ভাল কােন বেয়া সেয়া চিনিব পৰাটােও অসম্ভৱ।