কিয় শ্মশানৰ পৰা পুনৰ GMCHলৈ উভতাই আনিলে কৰ’ণাই প্ৰাণ লোৱা মহিলাৰ মৃতদেহ?

কিয় শ্মশানৰ পৰা পুনৰ GMCHলৈ উভতাই আনিলে কৰ’ণাই প্ৰাণ লোৱা মহিলাৰ মৃতদেহ?

August 20, 2020 0 By NEWS DESK

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৰহস্যজনক ঘটনা।

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাৰ কপালত আঘাটৰ চিন দেখি পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ।

ভূতনাথ শ্মশানত শেষকৃত্য কৰিবলৈ নিয়াৰ পাছতে আঘাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে।

ইয়াৰ পাছতে পৰিয়ালে লোকে পুনৰ মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ উভতাই আনিলে।

হস্পিতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলি ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কাষ চাপিছে আৰক্ষীৰ।

ইফালে চিকিৎসকৰ মতে অতি সংকটজনক অৱস্থাত আছিল মহিলা গৰাকী। সেয়েহে অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক বিশেষ পদ্ধতিৰে দিয়া হৈছিল অক্সিজেন।

যাৰবাবে মহিলাগৰাকীৰ কপালত সেই দাগ স্পষ্ট হয়।