NEWS8 NE

কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ ৫ জনৰ শােকাৱহ মৃত্যু, ২ জন চিকিৎসাধীন

নিউজ ডেস্ক। সোমবাৰে দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয় অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত।

জিলাখনৰ লুম্পিৰটোহৰ মিহমিন্তদূৰ নামৰ গ্ৰাম্য এলেকাত সংঘটিত হয় এই ঘটনা য’ত প্ৰায় ৩৫ ফুট গভীৰ কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ কৰুণভাৱে মৃত্যু ঘটে ৫ জন লােকৰ।

ইয়াৰ বিপৰীতে দুজন লোক আহত হয় সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে।

মৃত্যু হোৱা সকলৰ চাৰিজন থিতাতে নিহত হোৱাৰ বিপৰীতে আনজনৰ চিকিৎসালয়ত মৃত্যু ঘটে। আনহাতে আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনা অনুসৰি, ২৯ মাৰ্চৰ দিনা ৩০-৩৫ ফুট গভীৰ আৰু ৩×৩ বহল এটা কুঁৱাত প্ৰৱেশ কৰে ৭ জন লোক।

তেওঁলোকে ডিজেল চালিত পানীৰ পাম্পৰ সহায়ত কুঁৱাটো পৰিষ্কাৰ কৰিবলৈ প্ৰৱেশ কৰিছিল আৰু তেতিয়াই তেওঁলোক গাঁতটোত আবদ্ধ হৈ পৰে। ধাৰণা কৰা মতে, বিষাক্ত গেছৰ বাবেই শ্ৰমিককেইজনৰ মৃত্যু ঘটে।

সেই মৃত ৫ জনৰ ভিতৰত আছিল সেই নিৰ্মাণ কাৰ্যটোৰ গৰাকীয়ো।

ঘটনা সন্দৰ্ভত পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষক বিক্ৰম মাৰাকে কয় যে, নিহত আটাইকেইজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকক মৃতদেহ কেইটা চমজাই দিয়া হয়।

বৰ্তমানলৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই। তেওঁলোকৰ অসচেতনতাৰ বাবে গাঁতটোত পৰি যায় আৰু পাম্পটোৰ পৰা ওলোৱা ধোঁৱাৰ বাবে এনে হোৱা বুলি সন্দেহ কৰা হৈছে।

নিহত লােক কেইজনৰ নাম হ’লঃ হেমক্লেত চুচিয়াং (৩৬, মাটিৰ গৰাকী), ফিমা খাৰ (১৯), নিৱান চুচিয়াং (৫੦), ডেনিবয় লানাে (২৩)। আটাইকেইজনৰ ঘৰ ৰেলিয়াং গাঁৱত।

লগতে চাওকঃ

ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেক্ট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

ৰাজ্যৰ দুৰ্গম অঞ্চললৈ অতি কষ্টসাধ্য যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা ৰাজ্যপালৰ

Exit mobile version