কূটাঘাতৰ বাবে পৰিকল্পনা কৰা ৩ দুৰ্ধৰ্ষ আলফা(স্বা) কেডাৰ গ্ৰেপ্তাৰ

কূটাঘাতৰ বাবে পৰিকল্পনা কৰা ৩ দুৰ্ধৰ্ষ আলফা(স্বা) কেডাৰ গ্ৰেপ্তাৰ

August 29, 2020 0 By NEWS DESK

অৰুণাচল প্ৰদেশৰ খুনচা আৰক্ষী থানাৰ অন্তৰ্গত নংল’ অঞ্চলৰ পৰা ৬ নং আছাম ৰাইফলছৰ এটা টহলদাৰী দলে ৩ দুৰ্ধৰ্ষ আলফা সদস্য গ্ৰেপ্তাৰ কৰে।

উক্ত সদস্যকেইজন হ’ল হিৰণীয়া মৰাণ ওৰফে গদা অসম (২৮), সঞ্জয় বৰা ওৰফে কবিৰ অসম (২৭), নয়ন গগৈ ওৰফে ৰঞ্জন অসম(২৫)।

তিনিওজনে ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ কূটাঘাতৰ পৰিকল্পনাৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছিল বুলি সেনাৰ সূত্ৰত প্ৰাকাশ।

বৰ্তমান আলফা কেডাৰকেইজনক সেনাই নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

ধৃত সদস্য কেইজনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ লগতে তিনিটাকৈ পিষ্টল, মেগজিন আৰু সক্ৰিয় গুলি উদ্ধাৰ কৰিছে।