কৃষক বিৰোধী আইন বাতিলৰ দাবীত পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ ধৰ্ণা

কৃষক বিৰোধী আইন বাতিলৰ দাবীত পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ ধৰ্ণা

October 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে সংসদত গৃহীত কৰা কৃষিৰ সৈতে জড়িত ৩ খন বিধেয়কে আইনৰ ৰূপ ল’লে।

এই নতুন আইনক কেইখনক কৃষকৰ স্বাৰ্থৰ পৰিপন্থী আখ্যা দি বাতিল কৰাৰ দাবীৰে ৰাজ্যৰ আন অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীটো আজি কংগ্ৰেছ দলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে ।

কংগ্ৰেছৰ ৰাণী ব্লক কমিটীৰ উদ্যোগত গৰলত থকা ৰাণী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাণী ব্লকৰ অধীনৰ ৮ খন মণ্ডল কমিটিৰ বহুসংখ্যক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দি কৃষক বিৰোধী তিনিওখন আইন বাতিল কৰিবলৈ দাবী জনাই ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰে ন কংগ্ৰেছেী তথা গায়ক বাবু বৰুৱা, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কংগ্ৰেছ নেত্ৰী ডঃ জুৰি শৰ্মা বৰদলৈ, কংগ্ৰেছ নেতা অভিজিৎ মজুমদাৰ, ৰাণী ব্লক কংগ্ৰেছৰ সভাপতি দ্বীপেন বৰুৱা, সাধাৰণ সম্পাদক মনোজ মাহাতো আৰু গৌতম দাসৰ উপৰি বহু দলীয় নেতা-কৰ্মীয়ে।

কংগ্ৰেছ নেতাই বিজেপি চৰকাৰক কৃষক বিৰোধী বুলি ব্যক্ত কৰি বিতৰ্কিত আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায় ।