কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ সুবিধাৰ্থে হেল্প লাইন

কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ সুবিধাৰ্থে হেল্প লাইন

August 27, 2020 0 By NEWS DESK

কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এক নতুন হেল্পলাইন নম্বৰ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে অলপতে এই আঁচনিৰ প্ৰায় ৮.৫ কোটি হিতাধিকাৰীৰ বাবে ২০০০ টকাকৈ ষষ্ঠটো কিস্তি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই বছৰটােৰ বাবে আঁচনিখনৰ দ্বিতীয়টো কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰিছে যদিও এতিয়াও বহু হিতাধকাৰীৰ একাউণ্টত ধন জমা হোৱা নাই।

সেয়েহে চৰকাৰে হিতাধিকাৰীৰ সুবিধাৰ্থে নতুন হেল্পলাইন নম্বৰ মুকলি কৰিছে।

এই হেল্পলাইন অথবা টোল ফ্ৰী নম্বৰৰ জৰিয়তে হিতাধিকাৰীয়ে আঁচনিখনৰ বিষয়ে যিকোনো তথ্য সংগ্ৰহ কৰাৰ লগতে নিজৰ অভিযোগো দাখিল কৰিব পাৰিব।

যিকোনো তথ্য জানিবলৈ অথবা অভিযোগ দাখিল কৰিবলৈ হিতাধিকাৰীয়ে ১৫৫২৬১ হেল্পলাইন নম্বৰ অথবা ১৮০০১১৫৫২৬ টোল ফ্ৰী নম্বৰত ডায়েল কৰিব পাৰে।

তদুপৰি গ্ৰাহকে কেন্দ্ৰীয় কৃষি মন্ত্ৰাণালয়ৰ ০১১-২৩৩৮১০৯২ নম্বৰটোলৈ ফোন কৰিব পাৰিব।