কেনে আছে কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ?

কেনে আছে কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ?

September 7, 2020 0 By NEWS DESK

অসমত ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাৰ সংক্ৰমণ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহতো ধৰা পৰিছি্ল কৰ’ণাৰ অৱস্থিতি।

তাৰ পাছতেই  GMCHত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

কিন্তু ক্ৰমাৎ উন্নত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা।

দেহত অক্সিজেনৰ মাত্ৰা কিছু পৰিমাণে কমি আছে যদিও সুস্থ হৈ উঠিছে তৰুণ গগৈ।

মঙলবাৰে পুনৰ ক’ভিড টেষ্ট কৰা হ’ব তৰুণ গগৈৰ।

ইপিনে কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অজন্তা নেওগ, ৰমেন্দ্ৰ নাৰায়ণ, গণেশ লিম্বু, বৃন্দাবন গোস্বামী আৰু দিলীপ শইকীয়া।

জন্তা নেওগ আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাকো মঙলবাৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

ক’ভিড ৰিজাল্ট নিগেটিভ হ’ল হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব বুলি মন্তব্য কৰে GMCHৰ অধ্যক্ষই।