কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ মৃত্যু, ৰাষ্ট্ৰপতি- প্ৰধানমন্ত্ৰীৰ শােক প্ৰকাশ

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ মৃত্যু, ৰাষ্ট্ৰপতি- প্ৰধানমন্ত্ৰীৰ শােক প্ৰকাশ

October 8, 2020 0 By NEWS DESK

দেশৰ এজন জনপ্ৰিয় ৰাজনীতিক, কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ দেহাৱসান।

বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে লােক জনশক্তি পাৰ্টীৰ প্ৰতিষ্ঠাপক নেতাগৰাকীয়ে।

পুত্ৰ চিৰাগ পাছােৱানে টুইটাৰৰ জৰিয়তে এই পিতৃৰ মৃত্যুৰ কথা প্ৰকাশ কৰে।

ৰামবিলাস পাছৱানৰ মৃত্যুৰ গভীৰ শােক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীকে ধৰি বিভিন্নজনে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এজন বন্ধু, সহকৰ্মীক হেৰুৱালােঁ বুলি টুইটাৰত উল্লেখ কৰে।

উল্লেখ্য যে গুৰুতৰ অসুখত ভুগি বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল পাছৱান।