কোঁচ ৰাজবংশীক প্ৰতাৰণা কৰি কোনেও BTC দখল কৰিব নোৱাৰেঃ বিশ্বজিৎ ৰায়!

কোঁচ ৰাজবংশীক প্ৰতাৰণা কৰি কোনেও BTC দখল কৰিব নোৱাৰেঃ বিশ্বজিৎ ৰায়!

October 19, 2020 0 By NEWS DESK

আগন্তুক বিটিচি নিৰ্বাচনত কোঁচ ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা।

কোঁচ ৰাজবংশীক প্ৰতাৰণা কৰি কোনেও BTC দখল কৰিব নোৱাৰে।

তামুলপুৰত কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ সম্পাদক বিশ্বজিত ৰায়ৰ এই বিস্ফোৰক মন্তব্য।

তেওঁ লগতে কয়- ‘কোঁচ ৰাজবংশীয়ে কেতিয়াও অনুসূচীত জাতিৰ বাবে দাবী কৰা নাই। ইতিমধ্যে অবিভক্ত গোৱালপাৰা জিলাৰ কোঁচ ৰাজবংশীসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা দিয়াৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ কোঁচ ৰাজবংশীসকলক জনজাতি (নতুন) হিচাপে মান্যতা দিয়াৰ যি চিন্তা চৰ্চা চলিছে সেয়া আদৰণীয়।’

আনহাতে বিটিআৰৰ ওদালগুৰি আৰু বাক্সা জিলাৰ কোঁচ ৰাজবংশীসকলকো ভৈয়াম জনজাতিৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অন্তৱর্তীকালীন কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদখন গঠন কৰিবলৈ চৰকাৰ দাবী জনায়।

যদি বিজেপি চৰকাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰে তেন্তে গণ সমাৱেশ, জন সমাৱেশ পাতি আৰু ৰাইজৰ মাজলৈ গৈ বিজেপিৰ বিৰোধিতা কৰিম বুলি কোৱাৰ লগতে ২০২১ত বিজেপি দলে কোৱাৰ দৰে ১০০খন আসন পোৱাটো দূৰৰেই কথা, তেওঁলোকে ২০২১ত দিছপুৰ দখল কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে বিশ্বজিত ৰায়।