কোনো এটা বিশেষ সম্প্ৰদায়ক কৰ’ণা ভাইৰাছ বিয়পোৱাৰ অভিযোগ জাপি দিয়াৰ সুবিধা দিব নোৱাৰিঃ SC

কোনো এটা বিশেষ সম্প্ৰদায়ক কৰ’ণা ভাইৰাছ বিয়পোৱাৰ অভিযোগ জাপি দিয়াৰ সুবিধা দিব নোৱাৰিঃ SC

August 28, 2020 0 By NEWS DESK

 মহৰমৰ সমদলক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

এইবাৰৰ মহৰমত দেশৰ চহৰে-নগৰে উলিয়াব পৰা নাযাব সমদল অথবা তাজিয়া।

উচ্চতম ন্যায়ালয়ে আজি মহৰমৰ সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি কয়- ধৰ্মীয় সমদলৰ বাবে পুনৰ কোনো এটা বিশেষ সম্প্ৰদায়ৰ লোকক কৰ’ণা ভাইৰাছ বিয়পোৱাৰ অভিযোগ জাপি দিয়াৰ কাকো সুবিধা দিব নোৱাৰি।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববড়ে,ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামসুন্দৰমকলৈ গঠিত বিশেষ খণ্ডপীঠে এই ৰায়দান প্ৰদান কৰে।

মহৰমৰ সমদলে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও ন্যায়ালয়ে মন্তব্য কৰে।

উল্লেখ্য সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাৰ অনুমতি বিচাৰি ছিয়া সম্প্ৰদায়ৰ নেতা ছৈয়দ কালবে জাৱাডে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

এই আবেদন সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি কয় যে, এই সন্দৰ্ভত আদালতে কোনো সামগ্ৰীক নিৰ্দেশ জাৰি কৰিব নোৱাৰে।

কাৰণ মহৰমৰ সমদলৰ জৰিয়তে আদালতে দেশৰ নাগৰিকক কৰ’ণা ভাইৰাছৰ দ্বাৰা আৰু অধিক সংক্ৰমিত হোৱাটো নিবিচাৰে।