NEWS8 NE

কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে তিনিজনী সতিনী ঘৰলৈ অনাটো নিবিচাৰেঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ‘কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে আন তিনিজনী পত্নী বিয়া কৰোৱাটো নিবিচাৰে।’

– এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ সমৰ্থনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনো মুছলমান মহিলাই সতিনী নিবিচাৰে। ইউচিচি সকলো মুছলমান মহিলাৰ বাবেই এটা সমস্যা বুলি মন্তব্য কৰে তেওঁ।

মুখ্যমন্ত্ৰীয়ে কয়, “কোনো মুছলমান মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন ৩ গৰাকী পত্নীক ঘৰলৈ আনক। যিকোনো মুছলমান মহিলাক সোধক। ইউচিচি মোৰ সমস্যা নহয়, ই সকলো মুছলমান মহিলাৰ বাবে এটা সমস্যা।”

দিল্লীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুছলমান মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ ইউচিচি কাৰ্যকৰী কৰিবই লাগিব। তেওঁ কয়, “যদি তেওঁলোকক ন্যায় দিব লগা হয়, তিনি তালাক বাতিল কৰাৰ পিছত, ইউচিচি কাৰ্যকৰী কৰিব লাগিব।”

উল্লেখ্য যে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন পেনেল গঠন কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে দেশজুৰি পুনৰ সূত্ৰপাত ঘটে ইউচিচিক লৈ বিতৰ্ক।

ইফালে উত্তৰ প্ৰদেশৰ সংখ্যালঘু কল্যান মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ডেনিছ আজাদ আনছাৰীয়েও ইউনিফৰ্ম চিভিল কোডৰ ‘গুণাগুণ’ ব্যাখ্যা কৰিবলৈ চৌপাল (সমিতি) স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

আনহাতে, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ডে (এআইএমপিএলবি) ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰৰ দ্বাৰা ভাৰতত এক অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তনৰ প্ৰচেষ্টাক “এক অসাংবিধানিক আৰু সংখ্যালঘু বিৰোধী পদক্ষেপ” বুলি অভিহিত কৰিছে।

প্ৰণিধানযোগ্য যে, সংবিধানৰ অনুচ্ছেদ ৪৪-ৰ অধীনত ইউনিফৰ্ম চিভিল কোড হৈছে ব্যক্তিগত আইন কাৰ্যকৰী কৰাৰ এক প্ৰস্তাৱ, যি সকলো নাগৰিকৰ বাবে তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখীতা নিৰ্বিশেষে সমানে প্ৰযোজ্য হ’ব।

বিবাহ, বিবাহ বিচ্ছেদ, সন্তান তুলি লোৱা আৰু উত্তৰাধিকাৰৰ দৰে ব্যক্তিগত বিষয়বোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এই সংহিতা হৈছে এক উমৈহতীয়া আইন।

Exit mobile version