ক্ষােভিত সমষ্টিবাসী! কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ জুমুঠি দাহেৰে উত্তাল প্ৰতিবাদ

ক্ষােভিত সমষ্টিবাসী! কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ জুমুঠি দাহেৰে উত্তাল প্ৰতিবাদ

September 5, 2020 0 By NEWS DESK

অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কামৰূপ জিলাৰ বকাে সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাস সমষ্টিবাসীৰ তীব্ৰ ক্ষােভত সন্মুখীন হােৱাটাে প্ৰায় নিশ্চিত হৈ পৰিছে।

সমষ্টিৰ বাট-পথ উন্নয়নৰ ক্ষেত্ৰত শোচনীয়ভাৱে ব্যৰ্থ হােৱাৰ লগতে বিভিন্ন আঁচনিত চলা লুন্ঠনৰাজৰ বাবে বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে ক্ষােভত ফাটি পৰিছে সমষ্টিবাসী।

সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰদিয়া নয়াপাৰাত পথ মেৰামতি নকৰাত ৰাইজে প্ৰতিবাদ সাাব্যস্ত কৰি বিধায়িকা নন্দিতা দাসৰ প্ৰতিকৃতি দাহ কৰে।

মাহতলী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

উল্লেখ্য যে এম জি এনৰেগা আঁচনিৰ অধীনত বৰদিয়া নয়াপাৰাৰ পৰা আৰিকাটি সংযোগী পথৰ কাম আৰম্ভ কৰা হৈছিল।

কিন্তু আধাৰশিলা স্থাপনৰ এবছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে এপাচ মাটি নপৰিল বৰদিয়া নয়াপাৰাৰ মূল পথটোত।

কিন্তু আশ্চৰ্য্যজনকভাৱে আৰম্ভ হোৱা নাই বৰদিয়া নয়াপাৰা-আৰিকাটি সংযোগী পথৰ কাম।

স্থানীয় ৰাইজৰ অভিযোগ যে বিধায়িকা নন্দিতা দাসৰ লগত কমিছনৰক অংক নিমিলাৰ কাৰণেই আজিলৈকে নহ’ল পথটোৰ কামৰ শুভাৰম্ভ।

যাৰ পৰিপ্ৰেক্ষিতত আজিলৈকে বন্ধ হৈ আছে ৰাস্তা নিৰ্মাণৰ কাম।