কৰ’ণাই প্ৰাণ ল’লে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীৰ !

কৰ’ণাই প্ৰাণ ল’লে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীৰ !

September 24, 2020 0 By NEWS DESK

ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শােক প্ৰকাশ

নতুন দিল্লী। দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাই প্ৰাণ ল’লে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীৰ।

AIIMSত শেষ নিশ্বাস ত্যাগ ৰে’ল ৰাজ্য মন্ত্ৰীগৰাকীৰ।

১১ ছেপ্তেম্বৰত সুৰেশ অংগদীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাৰ পিছতেই মন্ত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল AIIMSত।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৫ বছৰ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেন্দ্ৰীয় মন্ত্ৰীজনৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সকলাে মন্ত্ৰীয়ে শোক ব্যক্ত কৰে।