কৰ’ণাই প্ৰাণ ল’লে দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ এছ আই পদ্মাৱতীৰ !

কৰ’ণাই প্ৰাণ ল’লে দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ এছ আই পদ্মাৱতীৰ !

August 31, 2020 0 By NEWS DESK

দেশত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

কৰ’ণাই প্ৰাণ ল’লে দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ এছ আই পদ্মাৱতীৰ।

২৯ আগষ্টৰ নিশা দিল্লীৰ নেচনেল ক’ৰ’নেৰী আৰ্ট ইনষ্টিটিউটত মৃত্যু হয় পদ্মাৱতীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০৩ বছৰ।

Image

হাঁওফাওঁৰ সংক্ৰমণত আক্ৰান্ত হোৱা চিকিৎসক গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড।

১৯৮১ চনত নিজে প্ৰতিষ্ঠা কৰা চিকিৎসালয় খনতে ১১ দিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল ডাঃ পদ্মাৱতীক।

ভাৰতত প্ৰথম গৰাকী হৃদৰোগ বিশেষজ্ঞ হিচাপে হৃদৰোগৰ চিকিৎসা আৰম্ভ কৰিছিল।

Image

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৬৭ চনত তেওঁক পদ্ম ভূষণ আৰু ১৯৯২ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল।

দক্ষিণ দিল্লীৰ পাঞ্জাৱী বাগত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।