কৰ’ণাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আৰোগ্য কামনা কৰিলোঃ হিমন্ত বিশ্ব শৰ্মা !

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আৰোগ্য কামনা কৰিলোঃ হিমন্ত বিশ্ব শৰ্মা !

August 26, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

বুধবাৰে প্ৰাক্তন মুথ্যমন্ত্ৰী তৰুণ গগৈৰ দেহতো ধৰা পৰে কৰ’ণাৰ অৱস্থিতি।

টুইটাৰযোগে এই কথা নিজেই সদৰি কৰে তৰুণ গগৈয়ে।

ইয়াৰ কিছুসময় পিছতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আসু-আৰোগ্য কামনা কৰি এটা বিশেষ টুইট কৰে।

শৰ্মাই টুইট কৰি কয়- ‘কৰ’ণাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰোগ্য কামনা কৰিলো। তেখেতক আৰোগ্য কৰি তোলাৰ বাবে আমি সকলো সম্ভাব্য প্ৰয়াস কৰিবলৈ সাজু।’

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰায়ই বাক বিতণ্ড চলি থকা যায়।