কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ দেহাৱসান!

কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ দেহাৱসান!

October 16, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে বিহাৰৰ পঞ্চায়ত বিভাগৰ মন্ত্ৰীয়ে।

চিকিৎসাধীন অৱস্থাত মৃত্যু মন্ত্ৰী কপিলদেৱ কামতৰ।

বিগত দুসপ্তাহ হস্পাতালত ভৰ্তি হৈ আছিল মন্ত্ৰী গৰাকী।

বৃক্ক ৰোগতো আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী।

শুকুৰবাৰে পুৱতি নিশা মৃত্যু হয় মন্ত্ৰী কপিলদেৱৰ।

মন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।