কৰ’ণাত আক্ৰান্ত হৈ বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমনিয়ামৰ দেহাৱসান !

কৰ’ণাত আক্ৰান্ত হৈ বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমনিয়ামৰ দেহাৱসান !

September 25, 2020 0 By NEWS DESK

বিশিষ্ট কণ্ঠশিল্পী এছ পি বালাসুব্ৰমনিয়ামৰ দেহাবসান।

চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে বিশিষ্ট শিল্পীগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।

১৯ আগষ্টত শিল্পীগৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা।

কিন্তু ৭ ছেপ্তেম্বৰত কৰ’ণাৰ ৰিজাল্ট নিগেটিভ আহিছিল যদিও উন্নত হোৱা নাছিল স্বাস্থ্যৰ।

ভেণ্টিলেটৰত ৰখা হৈছিল শিল্পীগৰাকীক।

উল্লেখ্য যে, এছ পি বালাসুব্ৰমনিয়ামে দাক্ষিণাত্যৰ ভাষাৰ লগতে হিন্দীৰ ৪০,০০০ গীতত নিজৰ কণ্ঠ নিগৰাইছিল।

বালাসুব্ৰমনিয়ামৰ মৃত্যুত গভীৰ শোক প্ৰধানমন্ত্ৰী মোডীয়ে।

১৯৪৬ৰ ৪ জুনত জন্ম হৈছিল সুব্ৰমনিয়ামৰ।