কৰ’ণাত আক্ৰান্ত হৈ ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ দেহাৱসান

কৰ’ণাত আক্ৰান্ত হৈ ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ দেহাৱসান

October 3, 2020 0 By NEWS DESK

কৰ’ণাত আক্ৰান্ত হৈ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ।

সুদীৰ্ঘ সোতৰ বছৰ ধৰি ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়েৰে খলকনিৰ সৃষ্টি কৰা চক্ৰৱৰ্তীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

শনিবাৰে জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

নিম’নিয়া আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী।

অভিনেতা গৰাকীৰ দেহত কৰ’ণাৰ উপস্থিতিও ধৰা পৰিছিল।

প্ৰয়াত শংকৰ চক্ৰৱৰ্তীয়ে শংকৰদেৱ, কহিনুৰ, বৰদৈচিলা, ইতিহাস, প্ৰাগজ্যোতিষ, দেৱৰাজ, মুকুন্দকে ধৰি কেবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ মাতৃৰ লগতে পত্নীসহ এগৰাকী চাৰিমহীয়া কন্যা সন্তানক এৰি থৈ যায়।

চক্ৰৱৰ্তীৰ মৃত্যুত ভ্ৰাম্যমান জগতত পৰিছে গভীৰ শোকৰ ছাঁ।