কৰ’ণাৰ দ্ৰুত সংক্ৰমণ, উত্তৰ-পূবৰ এইখন ৰাজ্যত পুনৰ হ’ব পৰে লকডাউন!

কৰ’ণাৰ দ্ৰুত সংক্ৰমণ, উত্তৰ-পূবৰ এইখন ৰাজ্যত পুনৰ হ’ব পৰে লকডাউন!

October 20, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

শেহতীয়াভাৱে উত্তৰ পূবৰ ৰাজ্য মণিপুৰত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ।

যাৰ পৰিপেক্ষিতত ৰাজ্যখনত পুনৰ হ’ব পাৰে লক ডাউন।

এই সম্ভাৱনা ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

ৰাজ্যখনত বিগত কিছু দিনৰ পৰা কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এয়া চিন্তনীয় বুলি মুখ্যমন্ত্ৰী সিঙে মন্তব্য কৰে।

চৰকাৰে লকডাউন সন্দৰ্ভত অহা কেইদিনমানৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এটা চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ৰাজ্যখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৩৭৪৮জন লোক।

আনহাতে ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৭জনলৈ বৃদ্ধি পাইছে।