কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন শাৰদীয় দুৰ্গোৎসৱ, আজি ষষ্ঠী!

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন শাৰদীয় দুৰ্গোৎসৱ, আজি ষষ্ঠী!

October 22, 2020 0 By NEWS DESK

আজিৰে পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা।

আজি মহা ষষ্ঠী পূজা।

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন শাৰদীয় দুৰ্গোৎসৱ।

বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ কাত্যায়নী ৰূপত আৰম্ভ হ’ব যথা বিহিত পূজা-আৰাধনা। সন্ধিয়া হ’ব দেবীৰ আমন্ত্ৰন-অধিবাস।

আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ’ব ঘট আৰু দেবী প্ৰতিমা। এইবাৰ দোলাত আগমণ ঘটিব দেবী দুৰ্গাৰ।

কৰ’ণাৰ ভয়াবহতাৰ মাজতে উদযাপন হ’বলগীয়া এই পূজাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি সাজু হৈছে পূজা কমিটি, পুৰোহিতৰ লগতে ভক্ত সকলেও।