কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন ! মানি চলিব লাগিব এইসমূহ নিৰ্দেশনা…

কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন ! মানি চলিব লাগিব এইসমূহ নিৰ্দেশনা…

August 21, 2020 0 By NEWS DESK

কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন।

আগন্তুক নিৰ্বাচনৰ বাবে এই মহামাৰীৰ পৰিস্থিতিৰ মাজতে নিৰ্বাচন আয়োগে জাৰি কৰিছে নতুন নিৰ্দেশনা।

নতুন গাইডলাইন অনুসৰি, কেৱল ৫জনকৈ লোকেহে ঘৰে ঘৰে গৈ কৰিব পাৰিব নিৰ্বাচনী প্ৰচাৰ।

আনহাতে সকলো ভোটাৰে ভোটদানৰ বাবে যোৱাৰ সময়ত হাত মোজা পৰিধান কৰিব লাগিব।

একে সময়তে ভোটকেন্দ্ৰৰ বাহিৰত ১০০০ৰ অধিক লোক সমবেত হ’ব নোৱাৰিব।

বুথ চেন্টাৰত প্ৰৱেশ কৰাৰ পূৰ্বে জুখিব লাগিব ভোটাৰৰ শৰীৰৰ তাপমাত্ৰা।

নিৰ্বাচনী বৈঠক তথা ৰ’ড শ্ব কাৰ্যসূচী ৰূপায়ন কৰিলে মানিব লাগিব সামাজিক দূৰত্ব।

লগতে মাস্ক, ছেনিটাইজাৰ, গ্ল’বছ, পিপিই কীট আৰু থৰ্মেল স্কেনাৰ আদি ব্যৱহাৰ কৰিব লাগিব নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়চোৱাত।

উল্লেখ্য যে, প্ৰাৰ্থীসকলে অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে মনোনয়ন দাখিল কৰাৰ লগতে ধনো জমা দিব লাগিব।