কৰ’ণাৰ সন্ত্ৰাস, মণিপুৰত পুনৰ ১৪ দিনৰ বাবে লকডাউনৰ ঘোষণা!

কৰ’ণাৰ সন্ত্ৰাস, মণিপুৰত পুনৰ ১৪ দিনৰ বাবে লকডাউনৰ ঘোষণা!

October 21, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহতো দ্ৰুতগতিত বৃদ্ধি হৈ আছে কৰ’ণাৰ সংক্ৰমণ।

চুবুৰীয়া ৰাজ্য মণিপুৰত কৰ’ণাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ।

যাৰ পৰিপেক্ষিতত পুনৰ ১৪ দিনৰ লক ডাউন ঘোষণা কৰিলে মণিপুৰ চৰকাৰে।

Image

বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজাৰ পৰা এই লকডাউন কাৰ্যকৰী হ’ব।

লকডাউনৰ সময়ছোৱাত বজাৰ, দোকান পোহাৰ বন্ধ থকাৰ লগতে চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান সমূহ বন্ধ হৈ থাকিব।

আনহাতে হস্পাতাল আৰু আন জৰুৰীসেৱা সমূহ খোলা থাকিব।

উল্লেখ্য যে, মণিপুৰত ২হাজাৰত তকৈ অধিক লোক সংক্ৰমিত হৈছে কিন্তু এই ভাইৰাছত এজনো লোকৰ মৃত্যু হোৱা নাই।