কৰ’ণা পজিটিভ তৰুণ গগৈক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি !

কৰ’ণা পজিটিভ তৰুণ গগৈক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি !

August 26, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়াৱহতা।

বুধবাৰে কৰ’ণাত আক্ৰান্ত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণ গগৈ।

টুইটাৰযোগে নিজেই এই কথা সদৰি কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণ গগৈয়ে।

ইয়াৰ পাছতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় গগৈক।

তাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসা সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি টুইট কৰে।

মুখ্যমন্ত্ৰী সোণোৱালেও স্বাস্থ্যৰ বুজ লয় তৰুণ গগৈৰ।

টেলিফোনযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

GMCHত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্

মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।