ক’ৰনা ভাইৰাছৰ বিপদ আঁতৰা নাইঃ প্ৰধানমন্ত্ৰী

ক’ৰনা ভাইৰাছৰ বিপদ আঁতৰা নাইঃ প্ৰধানমন্ত্ৰী

October 15, 2020 0 By NEWS DESK

‘ক’ৰনা ভাইৰাছৰ বিপদ এতিয়াও আঁতৰি যোৱা নাই।

সেইবাবে সকলো লোকেই প্ৰট’কল মানি চলা উচিত।’

এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী

‘ক’ৰনা ভাইৰাছৰ বিপদ এতিয়াও আছে।

মহাৰাষ্ট্ৰৰ পৰিস্থিতি সামান্য উদ্বেগজনক।

কোনেও যাতে অসাৱধান নহয়, তাৰ বাবে মই আহ্বান জনাইছোঁ।

ড০ বালাচাহেব ভিখে পাটিলৰ আত্মজীৱনী উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে দেশবাসীক সজাগ-সচেতন হৈ থাকি, মাস্ক পিন্ধি, সামাজিক দূৰত্ব অটুট ৰাখি ক’ৰনাক পৰাভূত কৰিবলৈ আহ্বান জনায়।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰত জয়ী হ’ব বুলি দৃঢ়তাৰে কয় তেওঁ।

মনত ৰাখিব- যেতিয়ালৈকে ঔষধ নাহে তেতিয়ালৈ আমি শিথিলতা আনিব লাগিব।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়।