NEWS8 NE

কৰ্তব্যৰত অৱস্থাত ঢলি পৰি আকস্মিক মৃত্যু মহিলা গৃহৰক্ষী জােৱান ৰঞ্জিতাৰ…

নিউজ ডেস্ক। কৰ্তব্য সম্পাদনৰ মাজতে আকস্মিকভাৱে ঢলি পৰি অকাল মৃত্যুক আঁকােৱালি ল’লে অসম আৰক্ষীৰ এগৰাকী মহিলা গৃহৰক্ষী জােৱানে।

মৃত গৃহৰক্ষীৰ নাম হৈছে ৰঞ্জিতা বসুতমাৰী (৩৫), ঘৰ চিৰাং জিলাৰ কাশীকোত্ৰাত।

জানিব পৰা মতে, চিৰাং জিলাৰ কাজলগাঁৱত কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ৰঞ্জিতা বসুমতাৰীৰ মৃত্যু হয়।

জানিব পৰা মতে, সোমবাৰে নিশা দহ বজাত কাজলগাঁৱৰ সাৰ্বজনীন লক্ষ্মীপূজা মেলাত কর্তব্য সম্পাদন কৰি থানালৈ উভতি অহাৰ সময়তে কাজলগাঁৱৰ উৰণীয়া সেতুৰ তলত পথৰ ওপৰতে তেওঁ হঠাতে বাগৰি পৰে।

ধাৰাসাৰ বৰষুণৰ মাজতে বাগৰি পৰি মূৰত আঘাতপ্রাপ্ত হোৱা ৰঞ্জিতা বসুমতাৰীক প্ৰথমতে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঢালিগাঁও আৰক্ষীয়ে ৰঞ্জিতা বসুমতাৰীক নিশাৰ ভিতৰতে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰে।

কিন্তু মংগলবাৰে পুৱাৰ ভাগত চিকিৎসাধীন অবস্থাতে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

পিছত ঢালিগাঁও থানাৰ আৰক্ষীয়ে গৃহৰক্ষী জোৱানগৰাকীৰ মৃতদেহ কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি ঢালিগাঁও থানা চৌহদলৈ আনে।

তাতেই আৰক্ষীয়ে মৃতকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাচত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়। চিৰাং জিলাৰ কাশীকোত্ৰাৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰী অতিবাহিতা আছিল।

Exit mobile version