কৰ্তব্যৰত অৱস্থাত মৃত্যু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ

কৰ্তব্যৰত অৱস্থাত মৃত্যু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ

September 11, 2020 0 By NEWS DESK

ডিব্ৰুগড়ত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

কৰ্তব্যৰি অৱস্থাত মৃত্যু এজন আৰক্ষী বিষয়াৰ।

মৃত বিষয়াজন সহকাৰী পৰিদৰ্শক ৰবীন দাস।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ দায়িত্বত নিয়ােজিত আছিল বিষয়াজন।

ৰবীন দাস

ডিব্ৰুগড়ৰ মিলন নগৰৰ আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শকগৰাকী খনিকৰ অঞ্চলত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল।

কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ ঢলি পৰে আৰক্ষী বিষয়াগৰাকী।

ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় বিষয়াগৰাকীৰ।

বিষয়াজনৰ আকস্মিক মৃত্যুত শােকস্তব্ধ ডিব্ৰুগড় আৰক্ষী।

বিষয়াজনলৈ শ্ৰদ্ধা জ্ঞাপনেৰে টুইটাৰত বাৰ্তা প্ৰকাশ কৰে জিলা আৰক্ষীয়ে।