খাপলাংকাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ পৰিয়ালৰ কাষত যতীন বৰা, আগবঢ়ালে আৰ্থিক সাহাৰ্য!

খাপলাংকাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ পৰিয়ালৰ কাষত যতীন বৰা, আগবঢ়ালে আৰ্থিক সাহাৰ্য!

October 17, 2020 0 By NEWS DESK

আৰ্থিক সংকটৰ সন্মুখীন হোৱা প্ৰয়াত খাপলাং কাইৰ পৰিয়ালৰ কাষত উপস্থিত যতীন বৰা।

মঙলদৈ চহৰৰ জ্যোতি নগৰ নিবাসী খাপলাংকাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ গৃহত উপস্থিত হৈ পত্নী মহিলা দাসক সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে অভিনেতা যতীন বৰাৰ লগতে জে বি প্ৰডাকচনৰ কৰ্মকতা সকলে।

লগতে মঙলদৈৰ SRD গ্রুপৰ ফালৰ পৰাও আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়াত ৰাহুল দাসৰ পত্নীৰ কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।

লগতে সকলো সময়তে খাপলাং কাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ পত্নী মহিলা দাসক সহায় কৰি যাব বুলি জনালে যতীন বৰাৰ পত্নী নৱনিতা শৰ্মা বৰাই।

অসমৰ সফল ব্যৱসায়িক ছবি ‘ৰত্নাকৰ’ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙ্গলদৈৰ ভেবাৰঘাট নিবাসী অসমৰ স্বনামধন্য নাট্যকাৰ ,গীতিকাৰ, অভিনেতা  হেমন্ত দত্তৰ বাসভৱনতো উপস্থিত হৈ অসমৰ সাংস্কৃতিক  জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে জে বি প্ৰডাকচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।