NEWS8 NE

খালী হাতেৰে ৬ ফুট দীঘল অজগৰ ধৰিলে আৰক্ষী জোৱানে, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। খালী হাতেৰে ৬ ফুট দীঘল অজগৰ উদ্ধাৰ কৰি চৰম সাহসিকতাৰ পৰিচয় দিলে মুম্বাই আৰক্ষীৰ কনিষ্টবল মুৰুলিধৰ যাদৱে।

মুম্বাইৰ ধাৰাভিত তেওঁ উদ্ধাৰ কৰে অজগৰ ডাল। তাৰ পিছতে সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰে এই কথা।

অজগৰ উদ্ধাৰৰ এই দৃশ্য বন্দী হয় এক মোবাইল কেমেৰাত।

অত্যন্ত সাৱধানতাৰে কাঠৰ ফাঁকত থকা অজগৰডাল ধৰি আনে তেওঁ। অৱশ্যে এই উদ্ধাৰ অভিযানত তেওঁক আন এজন ব্যক্তিয়েও সহযোগ কৰিছিল। কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ অজগৰটো উদ্ধাৰ কৰি এটা বেগত ভৰাই দিয়ে যাদৱে।

উল্লেখ্য যে এই দীঘল অজগৰটো দেখাৰ পিছত এক উত্তেজনাৰ সৃষ্টি হৈছিল অঞ্চলটোত। কেনেদৰে ইয়াক উদ্ধাৰ কৰিব পৰা যাব তাক লৈ চিন্তিত হৈছিল সকলো। নানা ফান্দি পাতিও উদ্ধাৰ কৰিব নোৱাৰিলে বহুতে। তেনেতে সেই স্থানত উপস্থিত হয় মুৰুলিধৰ যাদৱ নামৰ আৰক্ষী কনিষ্টবলজন। আৰু বুকুত সাহস লৈ খালী হাতেৰে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় তেওঁ।

ইয়াৰ পিছতেই স্থানীয় লোকে মুৰুলিধৰ যাদৱৰ এই দু:সাহসীক কামৰ বাবে প্ৰশংসা কৰি সন্মান জনায় সকলোৱে।

সম্প্ৰতি মুম্বাই আৰক্ষীৰ টুইটাৰত এই উদ্ধাৰ অভিযানৰ ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। বহুতে সামাজিক মাধ্যমত প্ৰশংসা কৰিছে কনিষ্টবল জনক। ইতিমধ্যে ভিডিঅ’টো ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

Exit mobile version